ছূৰা 3 · জুজ 4

Ali 'Imran · 3:123

وَلَقَدْ نَصَرَكُمُ اللَّهُ بِبَدْرٍ وَأَنْتُمْ أَذِلَّةٌ ۖ فَاتَّقُوا اللَّهَ لَعَلَّكُمْ تَشْكُرُونَ

আৰু বদৰৰ যুদ্ধত নিশ্চয় আল্লাহে তোমালোকক সহায় কৰিছল সেই সময়ত তোমালোকে অতি দুৰ্বল আছিলা। এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা।

তাফছীৰ

নিশ্চয় আল্লাহে বদৰৰ যুদ্ধত মুশ্বৰিকসকলৰ বিৰুদ্ধে তোমালোকক সহায় কৰিছে, যেতিয়া তোমালোক সংখ্যাত আৰু অস্ত্ৰবলৰ ক্ষেত্ৰত দুৰ্বল আছিলা। এতেকে আল্লাহক ভয় কৰা, যাতে তোমালোকে তেওঁৰ অনুগ্ৰহৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক