ছূৰা 3 · জুজ 4
Ali 'Imran · 3:117
مَثَلُ مَا يُنْفِقُونَ فِي هَٰذِهِ الْحَيَاةِ الدُّنْيَا كَمَثَلِ رِيحٍ فِيهَا صِرٌّ أَصَابَتْ حَرْثَ قَوْمٍ ظَلَمُوا أَنْفُسَهُمْ فَأَهْلَكَتْهُ ۚ وَمَا ظَلَمَهُمُ اللَّهُ وَلَٰكِنْ أَنْفُسَهُمْ يَظْلِمُونَ
এই পাৰ্থিৱ জীৱনত সিহঁতে যি ব্যয় কৰে তাৰ উদাহৰণ হিমশীতল বতাহৰ দৰে, যিটোৱে আঘাত কৰে সেই জাতিৰ শস্য খেতিত যিসকলে নিজৰ ওপৰত অন্যায় কৰিছে; তাৰ পিছত ই সেয়া ধ্বংস কৰি দিয়ে। আল্লাহে সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নাই, সিহঁত নিজেই নিজৰ প্ৰতি অন্যায় কৰিছে।
তাফছীৰ
এই কাফিৰসকলে পূণ্যৰ পথত যি ব্যয় কৰে আৰু ইয়াৰ প্ৰতিফলৰ বাবে যি প্ৰতীক্ষা কৰে, তাৰ উদাহৰণ হৈছে, এনেকুৱা শীতল বতাহ যিটো পাপিষ্ঠ সম্প্ৰদায়ৰ খেতি ধ্বংস কৰে, যদিও সিহঁতে এই খেতিৰ পৰা বহুত কল্যাণ কামনা কৰিছিল। যিদৰে বতাহে সেই খেতি ধ্বংস কৰিলে আৰু সিহঁতে উপকৃত হব নোৱাৰিলে, সেইদৰে কুফৰে সিহঁতৰ সেই সকলো আমল ধ্বংস কৰিব যিবোৰৰ পৰা সিহঁতে কল্যাণ কামনা কৰে। দৰাচলতে আল্লাহে সিহঁতৰ ওপৰত অন্যায় কৰা নাই, বৰং সিহঁতে কুফুৰ তথা ৰাছুলসকলক অস্বীকাৰ কৰি নিজৰ ওপৰত নিজেই অন্যায় কৰিছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক