ছূৰা 3 · জুজ 4

Ali 'Imran · 3:116

إِنَّ الَّذِينَ كَفَرُوا لَنْ تُغْنِيَ عَنْهُمْ أَمْوَالُهُمْ وَلَا أَوْلَادُهُمْ مِنَ اللَّهِ شَيْئًا ۖ وَأُولَٰئِكَ أَصْحَابُ النَّارِ ۚ هُمْ فِيهَا خَالِدُونَ

নিশ্চয় যিসকলে কুফৰী কৰিছে, সিহঁতৰ ধন-সম্পদ আৰু সন্তান-সন্ততি আল্লাহৰ ওচৰত কেতিয়াও কোনো কামত নাহিব; আৰু সিহঁতেই জুইৰ অধিবাসী, সিহঁত তাত স্থায়ী হ’ব।

তাফছীৰ

নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছে, সিহঁতৰ ধন-সম্পত্তি আৰু সিহঁতৰ সন্তানে কেতিয়াও আল্লাহৰ সিদ্ধান্ত প্ৰতিৰোধ কৰিব নোৱাৰে। সিহঁতে তেওঁৰ শাস্তিও দূৰ কৰিব নোৱাৰিব আৰু তেওঁৰ দয়াও আনিব নোৱাৰিব। বৰং সিহঁতৰ শাস্তি আৰু পৰিতাপহে বৃদ্ধি পাব। এইসকল লোকেই হৈছে জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰস্থায়ী হ’ব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক