ছূৰা 3 · জুজ 4
Ali 'Imran · 3:118
يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تَتَّخِذُوا بِطَانَةً مِنْ دُونِكُمْ لَا يَأْلُونَكُمْ خَبَالًا وَدُّوا مَا عَنِتُّمْ قَدْ بَدَتِ الْبَغْضَاءُ مِنْ أَفْوَاهِهِمْ وَمَا تُخْفِي صُدُورُهُمْ أَكْبَرُ ۚ قَدْ بَيَّنَّا لَكُمُ الْآيَاتِ ۖ إِنْ كُنْتُمْ تَعْقِلُونَ
হে মুমিনসকল! তোমালোকে নিজৰ বাহিৰে আন কাৰোবাক অন্তৰঙ্গ বন্ধুৰূপে গ্ৰহণ নকৰিবা। সিহঁতে তোমালোকক অনিষ্ট কৰিবলৈ ত্ৰুটি নকৰিব; সিহঁতে তোমালোকৰ মাৰাত্মক ক্ষতিৰ কামনা কৰে। নিশ্চয় সিহঁতৰ মুখৰ পৰা শত্ৰুতা প্ৰকাশ পাইছে আৰু সিহঁতৰ অন্তৰে যিটো গোপন কৰে সেয়া আৰু ভয়াৱহ। নিশ্চয় তোমালোকৰ বাবে আয়াতসমূহ বিশদভাৱে বিবৃত কৰিছো, যদি তোমালোকে অনুধাবন কৰা।
তাফছীৰ
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু ৰাছুলৰ অনুসাৰীসকল! তোমালোকে মুমিনসকলৰ বাহিৰে আন কাকো নিজৰ অন্তৰঙ্গ বন্ধু হিচাপে গ্ৰহণ নকৰিবা, যাক তোমালোকে নিজৰ ভিতৰোৱা কথা আৰু বিশেষ পৰিস্থিতি সম্পৰ্কে অৱগত কৰা। কিয়নো সিহঁতে তোমালোকৰ পৰিস্থিতি বিনষ্ট কৰাত আৰু ক্ষতি সাধন কৰাত অলপো পলম নকৰিব। সিহঁতৰ কামনা হৈছে তোমালোকে কষ্টত পতিত হোৱা। তোমালোকৰ ধৰ্মৰ ওপৰত দোষাৰোপ কৰি, তোমালোকৰ মাজত বিচ্ছিন্নতা সৃষ্টি কৰি আৰু তোমালোকৰ ভিতৰোৱা কথাসমূহ প্ৰকাশ কৰি, সিহঁতে নিজ মুখেৰে শত্ৰুতা আৰু বিদ্বেষ প্ৰকাশ কৰিছে। আৰু যি ঘৃণা সিহঁতে নিজৰ অন্তৰত গোপন ৰাখিছে, সেয়া ইয়াতকৈয়ো অধিক ডাঙৰ। হে মুমিনসকল! আমি তোমালোকৰ সন্মুখত স্পষ্ট প্ৰমাণসমূহ বৰ্ণনা কৰিছো, যাৰ মাজত আছে তোমালোকৰ বাবে পৃথিৱী আৰু আখিৰাতৰ কল্যাণ। যদিহে তোমালোকে নিজ প্ৰতিপালকৰ আয়াতসমূহ বুজা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক