ছূৰা 3 · জুজ 3

Ali 'Imran · 3:11

كَدَأْبِ آلِ فِرْعَوْنَ وَالَّذِينَ مِنْ قَبْلِهِمْ ۚ كَذَّبُوا بِآيَاتِنَا فَأَخَذَهُمُ اللَّهُ بِذُنُوبِهِمْ ۗ وَاللَّهُ شَدِيدُ الْعِقَابِ

সিহঁতৰ অভ্যাস ফিৰআউনী সম্প্ৰদায় আৰু সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ অভ্যাসৰ দৰে, সিহঁতে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল, ফলত আল্লাহে সিহঁতৰ পাপ কৰ্মৰ বাবে সিহঁতক ধৰিছিল, আৰু আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।

তাফছীৰ

এইসকল কাফিৰ অৱস্থা ফিৰআউনৰ সঙ্গী-সাৰথিসকলৰ আৰু সিহঁতৰ পূৰ্বৰ লোকসকলৰ দৰে, যিসকলে আল্লাহক অস্বীকাৰ কৰিছিল আৰু তেওঁৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছিল। ফলত সিহঁতৰ গুনাহৰ কাৰণে আল্লাহে সিহঁতক শাস্তি বিহিছিল কিন্তু সিহঁতৰ সম্পত্তি আৰু সিহঁতৰ সন্তান-সন্ততিয়ে কোনো উপকাৰ কৰিব পৰা নাছিল। আৰু নিশ্চয় আল্লাহে সিহঁতক কঠোৰ শাস্তি প্ৰদান কৰিব যিসকলে তেওঁক অস্বীকাৰ কৰে আৰু তেওঁৰ নিদৰ্শনক অমান্য কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক