ছূৰা 3 · জুজ 3
Ali 'Imran · 3:12
قُلْ لِلَّذِينَ كَفَرُوا سَتُغْلَبُونَ وَتُحْشَرُونَ إِلَىٰ جَهَنَّمَ ۚ وَبِئْسَ الْمِهَادُ
যিসকলে কুফৰী কৰে সিহঁতক কোৱা, ‘তোমালোকে অনতিপলমে পৰাজিত হ’বা আৰু তোমালোকক জাহান্নামৰ ফালে একত্ৰিত কৰা হ’ব আৰু সেইটো যে কিমান নিকৃষ্ট আবাসস্থল!’
তাফছীৰ
হে নবী! বিভিন্ন ধৰ্মৰ কাফিৰসকলক কৈ দিয়ক, অতিশীঘ্ৰে মুমিনসকলে তোমালোকৰ ওপৰত বিজয় প্ৰাপ্ত হব। তোমালোক কুফুৰী অৱস্থাত মৃত্যুবৰণ কৰিবা আৰু আল্লাহে তোমালোকক একত্ৰিত কৰি জাহান্নামত নিক্ষেপ কৰিব। সেয়া কিমান যে নিকৃষ্ট বিছনা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক