ছূৰা 3 · জুজ 3
Ali 'Imran · 3:10
إِنَّ الَّذِينَ كَفَرُوا لَنْ تُغْنِيَ عَنْهُمْ أَمْوَالُهُمْ وَلَا أَوْلَادُهُمْ مِنَ اللَّهِ شَيْئًا ۖ وَأُولَٰئِكَ هُمْ وَقُودُ النَّارِ
নিশ্চয় যিসকলে কুফৰী কৰে, আল্লাহৰ ওচৰত সিহঁতৰ ধন-সম্পদ আৰু সন্তান-সন্ততি কোনো কামত নাহিব আৰু ইহঁতেই জুইৰ ইন্ধন।
তাফছীৰ
যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছে, সিহঁতৰ ধন-সম্পত্তিয়ে আৰু সিহঁতৰ সন্তান-সন্ততিয়ে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিব, পৃথিৱীতো নোৱাৰিব আৰু আখিৰাততো নোৱাৰিব। এইসকল লোকেই ক্বিয়ামতৰ দিনা জাহান্নামৰ ইন্ধন হ'ব, যাৰ দ্বাৰা জুই জ্বলোৱা হ'ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক