ছূৰা 3 · জুজ 4
Ali 'Imran · 3:104
وَلْتَكُنْ مِنْكُمْ أُمَّةٌ يَدْعُونَ إِلَى الْخَيْرِ وَيَأْمُرُونَ بِالْمَعْرُوفِ وَيَنْهَوْنَ عَنِ الْمُنْكَرِ ۚ وَأُولَٰئِكَ هُمُ الْمُفْلِحُونَ
আৰু তোমালোকৰ মাজত এনেকুৱা এটা দল হোৱা উচিত, যিসকলে কল্যাণৰ ফালে আহ্বান কৰিব আৰু সৎকামৰ নিৰ্দেশ দিব আৰু অসৎকামৰ পৰা নিষেধ কৰিব; আৰু তেওঁলোকেই হ’ব সাফল্যমণ্ডিত।
তাফছীৰ
হে মুমিনসকল! তোমালোকৰ এনেকুৱা এটা দল হোৱা উচিত, যিসকলে প্ৰত্যেক সেই কল্যাণৰ পিনে মানুহক আহ্বান কৰিব যিটো আল্লাহে পছন্দ কৰে, আৰু সেই সত্কৰ্মৰ আদেশ দিব যিটো চৰীয়তৰ দ্বাৰা প্ৰমাণিত আৰু যাক মানৱীয় বিবেকে সঠিক বুলি ভাৱে। তথা সেই অসত্কৰ্মৰ পৰা মানুহক বিৰত ৰাখিব যিটোৰ পৰা চৰীয়তে বিৰত ৰাখিছে, আৰু মানৱীয় বিবেকেও যিটোক বেয়া বুলি ভাৱে। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিয়েই পৃথিৱী আৰু আখিৰাতত সাফল্যমণ্ডিত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক