ছূৰা 3 · জুজ 4
Ali 'Imran · 3:103
وَاعْتَصِمُوا بِحَبْلِ اللَّهِ جَمِيعًا وَلَا تَفَرَّقُوا ۚ وَاذْكُرُوا نِعْمَتَ اللَّهِ عَلَيْكُمْ إِذْ كُنْتُمْ أَعْدَاءً فَأَلَّفَ بَيْنَ قُلُوبِكُمْ فَأَصْبَحْتُمْ بِنِعْمَتِهِ إِخْوَانًا وَكُنْتُمْ عَلَىٰ شَفَا حُفْرَةٍ مِنَ النَّارِ فَأَنْقَذَكُمْ مِنْهَا ۗ كَذَٰلِكَ يُبَيِّنُ اللَّهُ لَكُمْ آيَاتِهِ لَعَلَّكُمْ تَهْتَدُونَ
আৰু তোমালোক সকলোৱে আল্লাহৰ ৰছীক দৃঢ়ভাৱে ধাৰণ কৰা আৰু পৰস্পৰে বিচ্ছিন্ন নহবা; আৰু তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ স্মৰণ কৰা, যেতিয়া তোমালোকে পৰস্পৰে শত্ৰু আছিলা। তাৰ পিছত তেওঁ তোমালোকৰ হৃদয়ত প্ৰীতিৰ সঞ্চাৰ কৰিলে, ফলত তেওঁৰ অনুগ্ৰহত তোমালোকে পৰস্পৰ ভাই-ভাই হৈ গ’লা। তোমালোক আছিলা অগ্নিগৰ্তৰ দুৱাৰত, তেৱেঁই তোমালোকক তাৰ পৰা ৰক্ষা কৰিছে। এইদৰে আল্লাহে তোমালোকৰ বাবে তেওঁৰ নিদৰ্শনসমূহ স্পষ্টভাৱে বিবৃত কৰে যাতে তোমালোকে হিদায়ত পোৱা।
তাফছীৰ
হে মুমিনসকল! কিতাপ আৰু ছুন্নতক দৃঢ়ভাৱে খামুচি ধৰা আৰু এনেকুৱা কোনো কাম নকৰিবা যাৰ মতভেদ সৃষ্টি হয়। আৰু তোমালোকৰ ওপৰত আল্লাহৰ সেই পুৰষ্কাৰসমূহ স্মৰণ কৰা, ইছলাম পূৰ্বে যেতিয়া তোমালোক ইজনে সিজনৰ শত্ৰু আছিলা, সৰু সৰু কথাত পৰস্পৰে যুদ্ধ কৰিছিলা। পিছত তেওঁ ইছলামৰ জৰিয়তে তোমালোকৰ অন্তৰত প্ৰীতি স্থাপন কৰিলে। ফলত তোমালোকে তেওঁৰ কৃপাত পৰস্পৰৰ প্ৰতি দয়ালু আৰু শুভাকাংক্ষী হৈ ধাৰ্মিক ভাই হৈ গলা। অথচ ইতিপূৰ্বে তোমালোকে কুফুৰীৰ কাৰণে জাহান্নামৰ দুৱাৰডলিত আছিলা। এতেকে আল্লাহে তোমালোকক ইছলামৰ দ্বাৰা তাৰ পৰা ৰক্ষা কৰিলে আৰু ঈমানৰ পথ দেখুৱালে। যিদৰে আল্লাহে তোমালোকৰ বাবে এইটো বৰ্ণনা কৰিছে, ঠিক সেইদৰে তেওঁ তোমালোকৰ বাবে সেই সকলো কথা বৰ্ণনা কৰে যিবোৰ পৃথিৱী আৰু আখিৰাতত তোমালোকৰ বাবে কল্যাণকৰ। যাতে তোমালোক সত্পথৰ পথিক হোৱা আৰু ঈমানৰ পথত পৰিচালিত হোৱা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক