ছূৰা 3 · জুজ 4

Ali 'Imran · 3:102

يَا أَيُّهَا الَّذِينَ آمَنُوا اتَّقُوا اللَّهَ حَقَّ تُقَاتِهِ وَلَا تَمُوتُنَّ إِلَّا وَأَنْتُمْ مُسْلِمُونَ

হে ঈমান্দাৰসকল! তোমালোকে যথাৰ্থভাৱে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু তোমালোকে মুছলিম (পৰিপূৰ্ণ আত্মসমৰ্পণকাৰী) নোহোৱা লৈকে মৃত্যুবৰণ নকৰিবা।

তাফছীৰ

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! নিজ প্ৰতিপালকক তেনেকৈ ভয় কৰা, যিদৰে তেওঁক ভয় কৰা উচিত। ইয়াৰ বাবে তোমালোকে তেওঁৰ আদেশসমূহ পালন কৰিব লাগিব আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকাৰ লগতে, তেওঁৰ অনুগ্ৰহমূহৰ কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব। আৰু দ্বীন ইছলামক মৃত্যু নহা লৈকে মজবুত ভাৱে খামুচি ধৰা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক