ছূৰা 3 · জুজ 4
Ali 'Imran · 3:101
وَكَيْفَ تَكْفُرُونَ وَأَنْتُمْ تُتْلَىٰ عَلَيْكُمْ آيَاتُ اللَّهِ وَفِيكُمْ رَسُولُهُ ۗ وَمَنْ يَعْتَصِمْ بِاللَّهِ فَقَدْ هُدِيَ إِلَىٰ صِرَاطٍ مُسْتَقِيمٍ
আৰু কেনেকৈ তোমালোকে কুফৰী কৰা অথচ আল্লাহৰ আয়াতসমূহ তোমালোকৰ ওচৰত তিলাৱাত কৰা হয় আৰু তোমালোকৰ মাজত তেওঁৰ ৰাছুল আছে? আৰু যি ব্যক্তি আল্লাহক দৃঢ়ভাৱে অৱলম্বন কৰিব সি নিশ্চয় সৰল পথৰ হিদায়তপ্ৰাপ্ত হ’ব।
তাফছীৰ
তোমালোকে ঈমান আনাৰ পিছত আকৌ কেনেকৈ কুফুৰী কৰিবা, অথচ তোমালোকৰ ওচৰত আছে ঈমানৰ ওপৰত অটল থাকিবলৈ আটাইতকৈ ডাঙৰ উপায়। আল্লাহৰ আয়াতসমূহ তোমালোকৰ সন্মুখত তিলাৱত কৰা হৈছে আৰু স্বয়ং আল্লাহৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে তোমালোকক সেইবোৰ বিশ্লেষণ কৰিছে। এতেকে যিয়ে আল্লাহৰ পুথি আৰু তেওঁৰ ৰাছুলৰ ছুন্নত দৃঢ়ভাৱে খামুচি ধৰিছে তেন্তে নিশ্চিতভাৱে আল্লাহে তাক সেই পোন পথৰ তাওফীক দান কৰিছে যি পথত কোনো বক্ৰতা নাই।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক