ছূৰা 29 · জুজ 20

Al-'Ankabut · 29:31

وَلَمَّا جَاءَتْ رُسُلُنَا إِبْرَاهِيمَ بِالْبُشْرَىٰ قَالُوا إِنَّا مُهْلِكُو أَهْلِ هَٰذِهِ الْقَرْيَةِ ۖ إِنَّ أَهْلَهَا كَانُوا ظَالِمِينَ

আৰু যেতিয়া আমাৰ প্ৰেৰিত ফিৰিস্তাসকল সুসংবাদসহ ইব্ৰাহীমৰ ওচৰত আহিল, তেওঁলোকে ক’লে, ‘নিশ্চয় আমি এই জনপদবাসীক ধ্বংস কৰিম। নিশ্চয় ইয়াৰ অধিবাসীবিলাক যালিম’।

তাফছীৰ

যেতিয়া সেই ফিৰিস্তাসকল আহিল, যিসকলক আমি ইব্ৰাহীমৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ, ইছহাক্ব আৰু তাৰ পিছত জন্ম হ’বলগীয়া তেওঁৰ পুত্ৰ ইয়াকূবৰ সুসংবাদ দিবলৈ; তেতিয়া তেওঁলোকে আহি ক’লেঃ “লূত আলাইহিচ্ছালামৰ জনবসতি অৰ্থাৎ ছাদূমৰ অধিবাসীসকলক আমি নিশ্চয় ধ্বংস কৰিম। কাৰণ ইয়াৰ অধিবাসীসকল অশ্লীল কৰ্মত লিপ্ত হৈ মহা অন্যায়কাৰীত পৰিণত হৈছে”।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক