ছূৰা 29 · জুজ 20
Al-'Ankabut · 29:30
قَالَ رَبِّ انْصُرْنِي عَلَى الْقَوْمِ الْمُفْسِدِينَ
তেওঁ ক’লে, ‘হে মোৰ ৰব! বিপৰ্যয় সৃষ্টিকাৰী সম্প্ৰদায়ৰ বিৰুদ্ধে তুমি মোক সহায় কৰা’।
তাফছীৰ
লূত আলাইহিচ্ছালামে তেওঁৰ সম্প্ৰদায়ৰ পাষণ্ডতা লক্ষ্য কৰাৰ পিছত তথা আল্লাহৰ শাস্তিক সিহঁতে অতি সহজভাৱে লৈ সেইটোক আবেদন কৰা দেখি, তেওঁ নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! তুমি মোক সেইসকল লোকৰ বিৰুদ্ধে সহায় কৰা, যিসকলে কুফৰী আৰু অশ্লীল পাপ কৰ্মৰ দ্বাৰা পৃথিৱীত উৎপাত কৰি ফুৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক