ছূৰা 29 · জুজ 20
Al-'Ankabut · 29:32
قَالَ إِنَّ فِيهَا لُوطًا ۚ قَالُوا نَحْنُ أَعْلَمُ بِمَنْ فِيهَا ۖ لَنُنَجِّيَنَّهُ وَأَهْلَهُ إِلَّا امْرَأَتَهُ كَانَتْ مِنَ الْغَابِرِينَ
ইব্ৰাহীমে ক’লে, ‘নিশ্চয় এই জনপদত দেখুন লূতো আছে। তেওঁলোকে ক'লে, তাত কোন কোন আছে সেয়া আমি ভালকৈয়ে জানো, নিশ্চয় আমি লূতক আৰু তেওঁৰ পৰিয়ালবৰ্গক ৰক্ষা কৰিম, কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে, তাই পিছত অৱস্থানকাৰী বিলাকৰ অন্তৰ্ভুক্ত।
তাফছীৰ
ইব্ৰাহীম আলাইহিচ্ছালামে ফিৰিস্তাসকলক ক’লেঃ “আপোনালোকে যিখন জনবসতিক ধ্বংস কৰিবলৈ ওলাইছে, তাত দেখোন স্বয়ং লূত আলাইহিচ্ছালামও আছে, তেওঁতো অন্যায়কাৰী নহয়”। ফিৰিস্তাসকলে ক’লেঃ “তাত থকা লোকসকলক আমি ভালদৰে জানো। সেই জনবসিতৰ ওপৰত অৱতীৰ্ণ হ’বলগীয়া শাস্তিৰ পৰা আমি নিশ্চিতভাৱে তেওঁক আৰু তেওঁৰ পৰিয়ালক ৰক্ষা কৰিম, কিন্তু তেওঁৰ স্ত্ৰীৰ বাহিৰে। কাৰণ তাই ধ্বংস হ’বলগীয়া লোকসকলৰ লগত অৱস্থান কৰিব, শীঘ্ৰেই আমি তাইক সিহঁতৰ সৈতে ধ্বংস কৰিম”।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক