ছূৰা 29 · জুজ 20
Al-'Ankabut · 29:26
۞ فَآمَنَ لَهُ لُوطٌ ۘ وَقَالَ إِنِّي مُهَاجِرٌ إِلَىٰ رَبِّي ۖ إِنَّهُ هُوَ الْعَزِيزُ الْحَكِيمُ
তাৰ পিছত লূতে তেওঁৰ ওপৰত বিশ্বাস স্থাপন কৰিলে। আৰু ইব্ৰাহীমে ক'লে, মই মোৰ প্ৰতিপালকৰ উদ্দেশ্যে হিজৰত কৰিছো। নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।
তাফছীৰ
(তাত কেৱল) লূত আলাইহিচ্ছালামে তেওঁৰ প্ৰতি ঈমান আনিছিল। ইব্ৰাহীম আলাইহিচ্ছালামে ক'লেঃ মই মোৰ প্ৰতিপালকৰ খাতিৰত শ্বাম দেশৰ বৰকতময় ভূমিলৈ হিজৰত কৰিম। নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। যি ব্যক্তিয়ে তেওঁৰ ফালে হিজৰত কৰিব, তেওঁ কেতিয়াও অপমানিত নহ'ব। তেওঁ নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণত মহাপ্ৰজ্ঞাৱান।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক