ছূৰা 29 · জুজ 20

Al-'Ankabut · 29:27

وَوَهَبْنَا لَهُ إِسْحَاقَ وَيَعْقُوبَ وَجَعَلْنَا فِي ذُرِّيَّتِهِ النُّبُوَّةَ وَالْكِتَابَ وَآتَيْنَاهُ أَجْرَهُ فِي الدُّنْيَا ۖ وَإِنَّهُ فِي الْآخِرَةِ لَمِنَ الصَّالِحِينَ

আৰু আমি ইব্ৰাহীমক দান কৰিলো ইছহাক্ব আৰু ইয়াকূব। লগতে তেওঁৰ বংশধৰসকলৰ বাবে স্থিৰ কৰিলো নবূওৱত আৰু কিতাব। আমি তেওঁক তেওঁৰ প্ৰতিদান পৃথিৱীতেই দান কৰিছিলো আৰু আখিৰাততো তেওঁ নিশ্চয় সৎকৰ্মপৰায়ণ সকলৰ অন্যতম হ’ব।

তাফছীৰ

আমি ইব্ৰাহীমক ইছহাক্ব আৰু তেওঁৰ পুত্ৰ ইয়াকূব দান কৰিছিলোঁ। আমি তেওঁৰ সন্তানসকলৰ মাজত নবুওৱত দান কৰিছিলোঁ, আৰু ঐশীগ্ৰন্থ প্ৰদান কৰিছিলোঁ। সত্যৰ ওপৰত ধৈৰ্য্য সহকাৰে অটল থকাৰ বাবে তেওঁৰ সন্তানসকলক সদাচাৰী বনাই, লগতে সুপ্ৰশংসা প্ৰদান কৰি তেওঁক পাৰ্থিৱ জীৱনতেই প্ৰতিফল দান কৰিছিলোঁ। নিশ্চয় তেওঁ আখিৰাততো পূণ্যৱান লোকসকলৰ দৰেই প্ৰতিদান লাভ কৰিব। পৃথিৱীত লাভ কৰা প্ৰতিফলৰ কাৰণে আখিৰাতৰ সন্মানপূৰ্বক প্ৰতিদানত অকণো হ্ৰাস কৰা নহ’ব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক