ছূৰা 29 · জুজ 20

Al-'Ankabut · 29:25

وَقَالَ إِنَّمَا اتَّخَذْتُمْ مِنْ دُونِ اللَّهِ أَوْثَانًا مَوَدَّةَ بَيْنِكُمْ فِي الْحَيَاةِ الدُّنْيَا ۖ ثُمَّ يَوْمَ الْقِيَامَةِ يَكْفُرُ بَعْضُكُمْ بِبَعْضٍ وَيَلْعَنُ بَعْضُكُمْ بَعْضًا وَمَأْوَاكُمُ النَّارُ وَمَا لَكُمْ مِنْ نَاصِرِينَ

ইব্ৰাহীমে আৰু ক’লে, ‘তোমালোকে দেখুন আল্লাহৰ পৰিবৰ্তে মূৰ্তিবোৰকহে উপাস্যৰূপে গ্ৰহণ কৰিছা, পাৰ্থিৱ জীৱনত তোমালোকৰ পাৰস্পাৰিক বন্ধুত্বৰ খাতিৰত। কিন্তু কিয়ামতৰ দিনা তোমালোকে ইজনে সিজনক অস্বীকাৰ কৰিবা আৰু পৰস্পৰে পৰস্পৰক অভিশাপ কৰিবা। তোমালোকৰ আবাস হ’ব জাহান্নাম আৰু তোমালোকৰ কোনো সহায়কাৰী নাথাকিব’।

তাফছীৰ

ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰ জাতিক ক'লেঃ তোমালোকে আজি মূৰ্ত্তিবোৰক উপাস্য বনাই লৈ সেইবোৰক উপাসনা কৰি আছা, যাতে পাৰ্থিৱ জীৱনত পাৰস্পৰিক প্ৰেম আৰু পৰিচয় গঢ়ি তুলিব পাৰা। কিন্তু কিয়ামতৰ দিনা তোমালোকৰ মাজৰ এই গভীৰ সম্পৰ্ক বিচ্ছিন্ন হৈ যাব। লগতে শাস্তি প্ৰত্যক্ষ কৰাৰ পিছত ইজনে সিজনৰ লগত সম্পৰ্কচ্ছেদ কৰিব, তথা পৰস্পৰে পৰস্পৰক ধিক্কাৰ জনাব। আৰু তোমালোকৰ আশ্ৰয়স্থল হ’ব জাহান্নাম। আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ তোমালোকৰ কোনো সহায়ক নাথাকিব। এই উপাস্যবোৰৰ মাজৰ পৰাও নাথাকিব যিবোৰৰ তোমালোকে উপাসনা কৰিছিলা, লগতে ইয়াৰ বাহিৰেও কোনো নাথাকিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক