ছূৰা 29 · জুজ 20

Al-'Ankabut · 29:24

فَمَا كَانَ جَوَابَ قَوْمِهِ إِلَّا أَنْ قَالُوا اقْتُلُوهُ أَوْ حَرِّقُوهُ فَأَنْجَاهُ اللَّهُ مِنَ النَّارِ ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِقَوْمٍ يُؤْمِنُونَ

উত্তৰত ইব্ৰাহীমৰ সম্প্ৰদায়ে কেৱল এই কথাষাৰকে ক'লে, ইয়াক হত্যা কৰা অথবা জুইত জ্বলাই দিয়া। তাৰ পিছত আল্লাহে তেওঁক জুইৰ পৰা ৰক্ষা কৰিলে। নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন, এনে সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।

তাফছীৰ

যেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰ জাতিক এক আল্লাহৰ ইবাদত কৰিবলৈ আৰু তেওঁৰ বাহিৰে মূৰ্ত্তি আদিৰ উপাসনা ত্যাগ কৰিবলৈ নিৰ্দেশ দিলে, তেতিয়া সিহঁতে উত্তৰ প্ৰদান কৰি ক'লেঃ “তোমালোকে নিজৰ উপাস্যবোৰক সহায় কৰাৰ বাবে এওঁক হত্যা কৰা নাইবা জুইত নিক্ষেপ কৰা”। এতেকে আল্লাহে তেওঁক অগ্নিৰ পৰা ৰক্ষা কৰিলে। তেওঁক অগ্নিত নিক্ষেপ কৰাৰ পিছত, সুকলমে তেওঁক অগ্নিৰ পৰা ৰক্ষা কৰা বিষয়টোৰ মাজত, নিশ্চিতভাৱে মুমিনসকলৰ বাবে আছে উপদেশ। কাৰণ তেওঁলোকেই উপদেশৰ পৰা উপকৃত হয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক