ছূৰা 29 · জুজ 20
Al-'Ankabut · 29:23
وَالَّذِينَ كَفَرُوا بِآيَاتِ اللَّهِ وَلِقَائِهِ أُولَٰئِكَ يَئِسُوا مِنْ رَحْمَتِي وَأُولَٰئِكَ لَهُمْ عَذَابٌ أَلِيمٌ
আৰু যিসকলে আল্লাহৰ নিদৰ্শনক আৰু তেওঁৰ সাক্ষাতক অস্বীকাৰ কৰে, সিহঁতেই মোৰ অনুগ্ৰহৰ পৰা নিৰাশ হৈছে, আৰু সিহঁতৰ বাবেই আছে যন্ত্ৰণাদায়ক শাস্তি।
তাফছীৰ
যিসকল লোকে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে তথা কিয়ামতৰ দিনা হ’বলগীয়া তেওঁৰ সাক্ষাতক নসাৎ কৰিছে, সেইসকল লোকেই মোৰ ৰহমতৰ পৰা নিৰাশ হৈছে। এতেকে সিহঁতৰ এই কুফৰীৰ কাৰণে সিহঁতে কেতিয়াও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব। লগতে সিহঁতৰ বাবে আখিৰাতত কষ্টদায়ক শাস্তি অপেক্ষা কৰি আছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক