ছূৰা 29 · জুজ 20

Al-'Ankabut · 29:22

وَمَا أَنْتُمْ بِمُعْجِزِينَ فِي الْأَرْضِ وَلَا فِي السَّمَاءِ ۖ وَمَا لَكُمْ مِنْ دُونِ اللَّهِ مِنْ وَلِيٍّ وَلَا نَصِيرٍ

তোমালোকে আল্লাহক পৃথিৱীত অথবা আকাশত কতো ব্যৰ্থ কৰিব নোৱাৰিবা। আৰু আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱক নাই, আৰু কোনো সাহায্যকাৰীও নাই।

তাফছীৰ

পৃথিৱীতেই হওক অথবা আকাশত তোমালোকে নিজ প্ৰতিপালকৰ পৰা কেতিয়াও ৰক্ষা পাব নোৱাৰা, আৰু তেওঁৰ শাস্তিৰ পৰাও পলায়ন কৰিব নোৱাৰিবা। আনকি আল্লাহৰ বাহিৰে তোমালোকৰ কোনো অভিভাৱকো নাই, যিয়ে তোমালোকৰ বিষয়বোৰ চোৱাচিতা কৰিব। আল্লাহৰ বাহিৰে তোমালোকৰ কোনো সহায়কো নাই, যিয়ে তোমালোকক শাস্তিৰ পৰা ৰক্ষা কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক