ছূৰা 29 · জুজ 20
Al-'Ankabut · 29:21
يُعَذِّبُ مَنْ يَشَاءُ وَيَرْحَمُ مَنْ يَشَاءُ ۖ وَإِلَيْهِ تُقْلَبُونَ
তেওঁ যাক ইচ্ছা শাস্তি দিয়ে আৰু যাৰ প্ৰতি ইচ্ছা অনুগ্ৰহ কৰে। আৰু তোমালোকক তেওঁৰ ওচৰতেই উভতাই নিয়া হ’ব।
তাফছীৰ
তেওঁ ন্যায় অনুসাৰে তেওঁৰ সৃষ্টিসমূহৰ মাজৰ যাক ইচ্ছা কৰিব শাস্তি বিহিব। তথা নিজ অনুগ্ৰহেৰে যাক ইচ্ছা কৰিব তাৰ প্ৰতি দয়া কৰিব। কিয়ামতৰ দিনা হিচাপ-নিকাচৰ বাবে একমাত্ৰ তেওঁৰ ওচৰতেই তোমালোকে প্ৰত্যাৱৰ্তন কৰিবা। যেতিয়া তোমালোকক কবৰৰ পৰা জীৱিত কৰি পুনৰুত্থিত কৰা হ’ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক