ছূৰা 28 · জুজ 20
Al-Qasas · 28:9
وَقَالَتِ امْرَأَتُ فِرْعَوْنَ قُرَّتُ عَيْنٍ لِي وَلَكَ ۖ لَا تَقْتُلُوهُ عَسَىٰ أَنْ يَنْفَعَنَا أَوْ نَتَّخِذَهُ وَلَدًا وَهُمْ لَا يَشْعُرُونَ
ফিৰআউনৰ স্ত্ৰীয়ে ক’লে, ‘এই শিশুটি মোৰ আৰু তোমাৰ নয়ন-প্ৰীতিকৰ। ইয়াক হত্যা নকৰিবা। ই আমাৰ উপকাৰত আহিব পাৰে অথবা আমি ইয়াক সন্তান হিচাপেও গ্ৰহণ কৰিব পাৰো’। দৰাচলতে সিহঁতে ইয়াৰ পৰিণাম উপলব্ধি কৰিব পৰা নাই।
তাফছীৰ
ফিৰআউনে যেতিয়া তেওঁক হত্যা কৰিব বিচাৰিলে তেতিয়া ফিৰআউনৰ স্ত্ৰীয়ে ক’লে, ইয়াক এৰি দিয়ক, এই ল’ৰাটো মোৰ আৰু আপোনাৰ বাবে আনন্দৰ উৎস হৈ থাকিব। লগতে আমাৰ সেৱা কৰি আমাক উপকৃত কৰিব। নাইবা ইয়াক আমি পুত্ৰ বনাই লম। কিন্তু সিহঁতে জনা নাছিল যে, এটা সময়ত এই ল’ৰাটোৰ দ্বাৰা সিহঁতৰ ৰাজত্বৰ পতন ঘটিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক