ছূৰা 28 · জুজ 20

Al-Qasas · 28:10

وَأَصْبَحَ فُؤَادُ أُمِّ مُوسَىٰ فَارِغًا ۖ إِنْ كَادَتْ لَتُبْدِي بِهِ لَوْلَا أَنْ رَبَطْنَا عَلَىٰ قَلْبِهَا لِتَكُونَ مِنَ الْمُؤْمِنِينَ

আৰু ইপিনে মুছাৰ মাতৃৰ হৃদয় অস্থিৰ হৈ পৰিছিল। তেওঁ ইয়াৰ পৰিচয় প্ৰকাশ কৰিয়েই দিলেহেঁতেন, যদি আমি তেওঁৰ অন্তৰক দৃঢ় কৰি নিদিলোহেঁতেন, যাতে তেওঁ আস্থাশীলসকলৰ অন্তৰ্ভুক্ত হয়।

তাফছীৰ

ইপিনে মুছা আলাইহিচ্ছালামৰ মাতৃৰ অৱস্থা এনেকুৱা হৈছিল যে, তেওঁ পৃথিৱীৰ সকলো বিষয় ত্যাগ কৰি অকল মুছাকলৈয়ে চিন্তিত আছিল। তেওঁ ধৈৰ্য্য ধাৰণত ব্যাকুল হৈ পৰিছিল। ইমান অস্থিৰ হৈ পৰিছিল যে, জানোচা কেতিয়া প্ৰকাশ কৰি দিয়ে “এওঁ মোৰেই সন্তান”। কিন্তু আমি তেওঁৰ অন্তৰ সুদৃঢ় কৰি ৰাখিছিলোঁ আৰু ধৈৰ্য্য ধাৰণ কৰাৰ সামৰ্থ প্ৰদান কৰিছিলোঁ। যাতে তেওঁ সেইসকল মুমিনৰ তালিকাভুক্ত হ’ব পাৰে, যিসকলে নিজ প্ৰতিপালকৰ ওপৰত ভৰসা কৰে তথা যিসকলে তেওঁৰ ফয়চালাত সন্তুষ্টি ব্যক্তি কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক