ছূৰা 28 · জুজ 20

Al-Qasas · 28:8

فَالْتَقَطَهُ آلُ فِرْعَوْنَ لِيَكُونَ لَهُمْ عَدُوًّا وَحَزَنًا ۗ إِنَّ فِرْعَوْنَ وَهَامَانَ وَجُنُودَهُمَا كَانُوا خَاطِئِينَ

তাৰ পিছত ফিৰআউনৰ পৰিয়ালে তাক (সাগৰৰ পৰা) তুলি নিলে। যাতে তেওঁ সিহঁতৰ শত্ৰু আৰু দুঃখৰ কাৰণ হয়। নিশ্চয় ফিৰআউন, হামান আৰু সিহঁতৰ সৈন্যবাহিনী আছিল অপৰাধী।

তাফছীৰ

যেতিয়া তেওঁ আমাৰ আদেশ পালন কৰি মুছাক বাকচত ভৰাই নদীত উটুৱাই দিলে, তেতিয়া ফিৰআউন আৰু তাৰ সৈন্যবাহিনীয়ে বাকচটো দেখা পাই উঠাই ল’লে। যাতে আল্লাহৰ পৰিকল্পনা বাস্তৱত পৰিণত হয় যে, তেওঁ অচিৰেই মুছাক ফিৰআউনৰ শত্ৰুত পৰিণত হ’ব, আৰু তেওঁৰ জৰিয়তেই ফিৰআউনৰ ৰাজত্বৰ অৱসান ঘটিব। ফলত এইটো সিহঁতৰ চিন্তাৰ কাৰণ হৈ পৰিব। নিশ্চয় ফিৰআউন আৰু তাৰ মন্ত্ৰী হামান, লগতে সিহঁত দুজনৰ সহায়কসকল আছিল অতি পাপিষ্ঠ, কাৰণ সিহঁতে কুফৰী কৰিছিল আৰু অবাধ্যতাত লিপ্ত আছিল। তথা অন্যায়-অত্যাচাৰৰ জৰিয়তে সিহঁতে পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰিছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক