ছূৰা 28 · জুজ 20
Al-Qasas · 28:7
وَأَوْحَيْنَا إِلَىٰ أُمِّ مُوسَىٰ أَنْ أَرْضِعِيهِ ۖ فَإِذَا خِفْتِ عَلَيْهِ فَأَلْقِيهِ فِي الْيَمِّ وَلَا تَخَافِي وَلَا تَحْزَنِي ۖ إِنَّا رَادُّوهُ إِلَيْكِ وَجَاعِلُوهُ مِنَ الْمُرْسَلِينَ
আৰু আমি মুছাৰ মাতৃৰ প্ৰতি নিৰ্দেশ দিলো, তাক পিয়াহ খুওৱা; যেতিয়া তুমি ইয়াৰ বিষয়ে কোনো আশংকা কৰিবা, তেতিয়া ইয়াক সাগৰত নিক্ষেপ কৰিবা আৰু ভয় নকৰিবা, চিন্তিতও নহ’বা। নিশ্চয় আমি ইয়াক তোমাৰ ওচৰলৈ ঘূৰাই আনিম আৰু ইয়াক ৰাছুলসকলৰ অন্তৰ্ভুক্ত কৰিম।
তাফছীৰ
আমি মুছা আলাইহিচ্ছালামৰ মাতৃৰ অন্তৰত এই কথা ইলহাম কৰিছিলোঁ যে, আপুনি তাক পিয়াহ খুৱাই থাকক। কিন্তু যদি ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ ফালৰ পৰা কোনো আশংকা হয় যে, সিহঁতে তেওঁক হত্যা কৰিব তেন্তে আপুনি তাক এটা বাকচত ভৰাই নীল নদীত উটুৱাই দিয়ক। তেওঁ ডুবি যাব বুলি অথবা ফিৰআউনে তেওঁক কিবা অনিষ্ট কৰিব বুলি আপুনি কেতিয়াও চিন্তিত নহ’ব। লগতে তেওঁৰ বিচ্ছেদকলৈও দুখী নহ’ব। নিশ্চয় আমি তেওঁক জীৱিত অৱস্থাত আপোনাৰ ওচৰলৈ ওভোতাই আনিম। লগতে তেওঁক সেইসকল ৰাছুলৰ অন্তৰ্ভুক্ত কৰিম, যিসকলক মানুহৰ ওচৰলৈ প্ৰেৰণ কৰা হয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক