ছূৰা 28 · জুজ 20

Al-Qasas · 28:83

تِلْكَ الدَّارُ الْآخِرَةُ نَجْعَلُهَا لِلَّذِينَ لَا يُرِيدُونَ عُلُوًّا فِي الْأَرْضِ وَلَا فَسَادًا ۚ وَالْعَاقِبَةُ لِلْمُتَّقِينَ

এইটো আখিৰাতৰ সেই আবাস যিটো আমি নিৰ্ধাৰিত কৰো তেওঁলোকৰ বাবে যিসকলে পৃথিৱীত উদ্ধত আৰু বিপৰ্যয় সৃষ্টি কৰিব নিবিচাৰে; আৰু শুভ পৰিণাম কেৱল মুত্তাক্বীসকলৰ বাবে।

তাফছীৰ

এইখন হৈছে আখিৰাতৰ ঘৰ, এইখনক আমি সেইসকল লোকৰ বাবে নিয়ামত আৰু সন্মানৰ ঘৰত পৰিণত কৰিম, যিসকলে পৃথিৱীত সত্যৰ প্ৰতি ঈমান আনিবলৈ আৰু তাৰ অনুসৰণ কৰিবলৈ অহংকাৰ নকৰে, লগতে পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰি নুফুৰে। জান্নাতৰ নিয়ামত আৰু আল্লাহৰ সন্তুষ্টি অৰ্জন কৰাৰ প্ৰশংসনীয় পৰিণাম কেৱল সেইসকল লোকেই লাভ কৰিব যিসকলে আল্লাহৰ আদেশ পালন কৰি তেওঁক ভয় কৰে, আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক