ছূৰা 28 · জুজ 20

Al-Qasas · 28:82

وَأَصْبَحَ الَّذِينَ تَمَنَّوْا مَكَانَهُ بِالْأَمْسِ يَقُولُونَ وَيْكَأَنَّ اللَّهَ يَبْسُطُ الرِّزْقَ لِمَنْ يَشَاءُ مِنْ عِبَادِهِ وَيَقْدِرُ ۖ لَوْلَا أَنْ مَنَّ اللَّهُ عَلَيْنَا لَخَسَفَ بِنَا ۖ وَيْكَأَنَّهُ لَا يُفْلِحُ الْكَافِرُونَ

আৰু যোৱা কালি যিসকলে তাৰ দৰে হোৱাৰ কামনা কৰিছিল, সিহঁতে ক’বলৈ ধৰিলে, ‘চোৱা, আল্লাহে তেওঁৰ বান্দাসকলৰ মাজত যাৰ বাবে ইচ্ছা তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাৰ বাবে ইচ্ছা তাৰ বাবে হ্ৰাস কৰি দিয়ে। যদি আল্লাহে আমাৰ প্ৰতি সদয় নহ’লেহেঁতেন তেন্তে আমাকো তেওঁ ভূগৰ্ভত পুতি পেলালেহেঁতেন। চোৱা, কাফিৰসকল কেতিয়াও সফলকাম হ’ব নোৱাৰে’।

তাফছীৰ

ইপিনে কাৰূন ধ্বংস হোৱাৰ পূৰ্বে যিসকল লোকে তাৰ ধন-সম্পদ দেখি সেইবোৰ পোৱাৰ কামনা কৰিছিল, সেইসকল লোকে এই ধ্বংসলীলা দেখি অনুতপ্ত হৈ তথা শিক্ষা গ্ৰহণ কৰি ক'লেঃ নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাৰ জীৱিকা প্ৰশস্ত কৰি দিয়ে, আৰু যাক ইচ্ছা কৰে সংকীৰ্ণ কৰি দিয়ে। অন্যথা আমি যি অনুচিত কথা মুখেৰে প্ৰকাশ কৰিছিলোঁ, আমাৰ ওপৰত আল্লাহৰ অনুগ্ৰহ নাথাকিলে, আমিও কাৰূনৰ দৰে ধ্বংস হ’লোহেঁতেন। নিশ্চয় অকৃতজ্ঞ লোক কেতিয়াও সফল হ’ব নোৱাৰে। পৃথিৱীতো নোৱাৰে আৰু আখিৰাততো নোৱাৰে। বৰং উভয় স্থানতেই সিহঁতৰ বাবে আছে লোকচান আৰু ক্ষতিগ্ৰস্ততা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক