ছূৰা 28 · জুজ 20

Al-Qasas · 28:84

مَنْ جَاءَ بِالْحَسَنَةِ فَلَهُ خَيْرٌ مِنْهَا ۖ وَمَنْ جَاءَ بِالسَّيِّئَةِ فَلَا يُجْزَى الَّذِينَ عَمِلُوا السَّيِّئَاتِ إِلَّا مَا كَانُوا يَعْمَلُونَ

যিয়ে সৎকৰ্ম লৈ উপস্থিত হ’ব, তাৰ বাবে আছে তাতোকৈ উত্তম প্ৰতিদান, আৰু যিয়ে অসৎকৰ্ম লৈ উপস্থিত হ’ব, তেন্তে সিহঁতক কেৱল সেইখিনি অসৎকৰ্মৰ শাস্তি দিয়া হ’ব যিখিনি সিহঁতে কৰিছে।

তাফছীৰ

কিয়ামতৰ দিনা যি ব্যক্তিয়ে চওম, চালাত আৰু যাকাত আদি সৎকৰ্মলৈ আগমন কৰিব, তেওঁক এই সৎকৰ্মৰ উত্তম প্ৰতিদান দিয়া হ’ব। কাৰণ প্ৰত্যেক সৎকৰ্মৰ প্ৰতিদান দহগুণ বৃদ্ধি কৰি দিয়া হ’ব। আনহাতে কিয়ামতৰ দিনা যি ব্যক্তিয়ে কুফৰী, সুত আদি ভক্ষণ কৰি আৰু ব্যভিচাৰ আদি গুনাহ কৰি উপস্থিত হ’ব, সেই ব্যক্তিক তাৰ গুনাহ অনুপাতেই প্ৰতিফল দিয়া হ’ব। একো বৃদ্ধি কৰা নহ’ব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক