ছূৰা 28 · জুজ 20

Al-Qasas · 28:72

قُلْ أَرَأَيْتُمْ إِنْ جَعَلَ اللَّهُ عَلَيْكُمُ النَّهَارَ سَرْمَدًا إِلَىٰ يَوْمِ الْقِيَامَةِ مَنْ إِلَٰهٌ غَيْرُ اللَّهِ يَأْتِيكُمْ بِلَيْلٍ تَسْكُنُونَ فِيهِ ۖ أَفَلَا تُبْصِرُونَ

কোৱা, ‘তোমালোকে ভাবিছানে, আল্লাহে যদি দিনক কিয়ামত দিৱস লৈকে স্থায়ী কৰি দিয়ে, আল্লাহৰ বাহিৰে কোন এনেকুৱা ইলাহ আছে যিয়ে তোমালোকৰ বাবে ৰাতিৰ আবিৰ্ভাৱ ঘটাব? য’ত তোমালোকে বিশ্ৰাম লোৱা, তথাপিও তোমালোকে ভাবি নাচাবানে’?

তাফছীৰ

হে ৰাছুল! আপুনি সিহঁতক কওক, কোৱাচোন আল্লাহে যদি কিয়ামত পৰ্যন্ত তোমালোকৰ বাবে দিনেই দিন কৰি দিয়ে তেন্তে আল্লাহৰ বাহিৰে তোমালোকৰ এনেকুৱা কোনো উপাস্য আছে নেকি, যিয়ে তোমালোকক ৰাতি আনি দিব পাৰিব, গোটেই দিন পৰিশ্ৰম কৰাৰ পিছত যি ৰাতিত তোমালোকে বিশ্ৰাম লোৱা? তোমালোকে এই নিদৰ্শনবোৰ নেদেখা নেকি? তথা তোমালোকে নাজানা নেকি যে, প্ৰকৃত উপাস্য আল্লাহৰ বাহিৰে আন কোনেও এইবোৰ আনিবলৈ সক্ষম নহয়?

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক