ছূৰা 28 · জুজ 20

Al-Qasas · 28:73

وَمِنْ رَحْمَتِهِ جَعَلَ لَكُمُ اللَّيْلَ وَالنَّهَارَ لِتَسْكُنُوا فِيهِ وَلِتَبْتَغُوا مِنْ فَضْلِهِ وَلَعَلَّكُمْ تَشْكُرُونَ

তেৱেঁই নিজ অনুগ্ৰহত তোমালোকৰ বাবে ৰাতি আৰু দিন বনাইছে, যাতে তোমালোকে তাত বিশ্ৰাম কৰিব পাৰা আৰু তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা লগতে যাতে তোমালোকে তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা।

তাফছীৰ

পৱিত্ৰ আল্লাহৰ অসীম কৃপা এই যে, তেওঁ তোমালোকৰ বাবে ৰাতিক অন্ধকাৰ বনাইছে, যাতে দিনৰ বিভিন্ন পৰিশ্ৰমৰ পিছত ৰাতিত বিশ্ৰাম কৰিব পাৰা। আনহাতে দিনক আলোকিত কৰিছে, যাতে জীৱিকা উপাৰ্জনৰ বাবে প্ৰয়াস কৰিব পাৰা। আশা কৰা যায় আল্লাহে তোমালোকৰ প্ৰতি কৰা নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপন কৰিবা আৰু সেইবোৰ ভোগ কৰি অকৃতজ্ঞ নহ’বা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক