ছূৰা 28 · জুজ 20

Al-Qasas · 28:71

قُلْ أَرَأَيْتُمْ إِنْ جَعَلَ اللَّهُ عَلَيْكُمُ اللَّيْلَ سَرْمَدًا إِلَىٰ يَوْمِ الْقِيَامَةِ مَنْ إِلَٰهٌ غَيْرُ اللَّهِ يَأْتِيكُمْ بِضِيَاءٍ ۖ أَفَلَا تَسْمَعُونَ

কোৱা, ‘তোমালোকে ভাবিছানে, ৰাতিক যদি আল্লাহে কিয়ামত দিৱস লৈকে স্থায়ী কৰি দিয়ে, তেন্তে আল্লাহৰ বাহিৰে কোন এনেকুৱা ইলাহ আছে, যিয়ে তোমালোকৰ বাবে পোহৰ আনি দিব? তথাপিও তোমালোকে কৰ্ণপাত নকৰিবানে’?

তাফছীৰ

হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক সোধক, কোৱাচোন তোমালোকে যদি আল্লাহে কিয়ামত পৰ্যন্ত নিৰবিচ্ছিন্নভাৱে কেৱল ৰাতিয়ে ৰাতি কৰি দিয়ে তেন্তে তোমালোকৰ এনেকুৱা কোনো উপাস্য আছে নেকি, যিয়ে দিনৰ দৰে পোহৰ আনি দিব পাৰিব? তোমালোকে এইবোৰ দলিল-প্ৰমাণৰ বিষয়ে শুনা পোৱা নাইনে? তথা তোমালোকে নাজানা নেকি যে, প্ৰকৃত উপাস্য আল্লাহৰ বাহিৰে আন কোনেও এই পোহৰ আনিবলৈ সক্ষম নহয়?

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক