ছূৰা 28 · জুজ 20
Al-Qasas · 28:35
قَالَ سَنَشُدُّ عَضُدَكَ بِأَخِيكَ وَنَجْعَلُ لَكُمَا سُلْطَانًا فَلَا يَصِلُونَ إِلَيْكُمَا ۚ بِآيَاتِنَا أَنْتُمَا وَمَنِ اتَّبَعَكُمَا الْغَالِبُونَ
আল্লাহে ক’লে, ‘(ঠিক আছে) অনতিপলমে আমি তোমাৰ ভাতৃৰ দ্বাৰা তোমাৰ বাহুক শক্তিশালী কৰিম আৰু তোমালোক উভয়কে প্ৰাধান্য দান কৰিম। ফলত সিহঁতে তোমালোকৰ ওচৰত পৌঁচিব নোৱাৰিব। আমাৰ নিদৰ্শনাৱলীৰ দ্বাৰা তোমালোক আৰু তোমালোকৰ অনুসাৰীসকলে সিহঁতৰ ওপৰত বিজয় লাভ কৰিবা’।
তাফছীৰ
আল্লাহে মুছা আলাইহিচ্ছালামৰ প্ৰাৰ্থনা স্বীকাৰ কৰি ক'লেঃ হে মুছা! অচিৰেই আমি আপোনাৰ ভাতৃক আপোনাৰ সহায়ক ৰাছুল বনাই আপোনাক শক্তিশালী কৰিম। লগতে আমি আপোনালোকক দলিল-প্ৰমাণ আৰু সমৰ্থন প্ৰদান কৰিম। এতেকে আমি আপোনালোকক যি বাৰ্তা প্ৰদান কৰি সিহঁতৰ ওচৰলৈ প্ৰেৰণ কৰি আছোঁ, এই বিষয়ক কেন্দ্ৰ কৰি সিহঁতে আপোনালোকৰ একো অনিষ্ট কৰিব নোৱাৰিব। নিশ্চিতভাৱে আপোনালোক দুয়ো আৰু আপোনালোকৰ অনুসাৰী মুমিনসকলেই বিজয়প্ৰাপ্ত হ’ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক