ছূৰা 28 · জুজ 20

Al-Qasas · 28:34

وَأَخِي هَارُونُ هُوَ أَفْصَحُ مِنِّي لِسَانًا فَأَرْسِلْهُ مَعِيَ رِدْءًا يُصَدِّقُنِي ۖ إِنِّي أَخَافُ أَنْ يُكَذِّبُونِ

‘আৰু মোৰ ভাতৃ হাৰূন মোতকৈ বাগ্মী, এতেকে তেওঁক মোৰ সহায়কাৰীৰূপে প্ৰেৰণ কৰা, তেওঁ মোক সমৰ্থন কৰিব। নিশ্চয় মই আশংকা কৰো সিহঁতে মোক মিছলীয়া বুলি আৰোপ লগাব’।

তাফছীৰ

মোৰ ভাই হাৰূন মোতকৈ অধিক ভাষাজ্ঞানত পাকৈত। গতিকে তেওঁক মোৰ সহায়ক হিচাপে প্ৰেৰণ কৰা। ফিৰআউন আৰু তাৰ সম্প্ৰদায়ে যদি মোক অস্বীকাৰ কৰে তেতিয়া তেওঁ যাতে মোক সমৰ্থন কৰে। মই আশংকা কৰিছোঁ সিহঁতেও মোক সেইদৰেই অস্বীকাৰ কৰিব, যিদৰে মোৰ পূৰ্বৱৰ্তী ৰাছুলসকলক অন্যান্য জাতিয়ে অস্বীকাৰ কৰিছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক