ছূৰা 28 · জুজ 20

Al-Qasas · 28:28

قَالَ ذَٰلِكَ بَيْنِي وَبَيْنَكَ ۖ أَيَّمَا الْأَجَلَيْنِ قَضَيْتُ فَلَا عُدْوَانَ عَلَيَّ ۖ وَاللَّهُ عَلَىٰ مَا نَقُولُ وَكِيلٌ

মুছাই ক’লে, ‘(ঠিক আছে) তেন্তে এয়া মোৰ আৰু আপোনাৰ মাজত বন্দবস্ত হ’ল। এই দুটা ম্যাদৰ যিকোনো এটা পূৰণ কৰিলেই যেন মোৰ প্ৰতি কোনো অভিযোগ নাথাকে। আমি যি বিষয়ে কথা কৈ আছো আল্লাহেই ইয়াৰ কৰ্মবিধায়ক’।

তাফছীৰ

মুছা আলাইহিচ্ছালামে ক’লেঃ ঠিক আছে, এইটোৱে মোৰ আৰু আপোনাৰ মাজত চুক্তিৰ চূড়ান্ত সিদ্ধান্ত। দুটা ম্যাদৰ (অৰ্থাৎ আঠ বছৰেই হওক অথবা দহ বছৰ) যিকোনো এটা সময়সীমা পূৰণ কৰিলেই মই মোৰ দায়িত্ব পূৰণ কৰা বুলি গণ্য হ'ম। কিন্তু ইয়াতকৈ অধিক সময়সীমা আপুনি বৃদ্ধি কৰিব নোৱাৰিব। আমাৰ মাজত যিটো চুক্তি চূড়ান্ত হ’ল, ইয়াৰ সাক্ষী তথা নিৰীক্ষক হৈছে আল্লাহ তাআলা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক