ছূৰা 28 · জুজ 20
Al-Qasas · 28:29
۞ فَلَمَّا قَضَىٰ مُوسَى الْأَجَلَ وَسَارَ بِأَهْلِهِ آنَسَ مِنْ جَانِبِ الطُّورِ نَارًا قَالَ لِأَهْلِهِ امْكُثُوا إِنِّي آنَسْتُ نَارًا لَعَلِّي آتِيكُمْ مِنْهَا بِخَبَرٍ أَوْ جَذْوَةٍ مِنَ النَّارِ لَعَلَّكُمْ تَصْطَلُونَ
এতেকে মুছাই যেতিয়া তেওঁৰ ম্যাদ পূৰ্ণ কৰাৰ পিছত সপৰিয়ালে যাত্ৰা কৰিলে, তেতিয়া তেওঁ তূৰ পৰ্বতৰ ফালে জুই দেখা পালে। তেওঁ পৰিয়ালবৰ্গক ক’লে, ‘তোমালোকে অপেক্ষা কৰা, মই জুই দেখিছো, সম্ভৱত মই তাৰ পৰা তোমালোকৰ বাবে কোনো খবৰ আনিম নাইবা এডোখৰ অন্ধৰাকে লৈ আহিম যাতে তোমালোকে জুই পুৱাব পাৰা’।
তাফছীৰ
মুছা আলাইহিচ্ছালামে যেতিয়া অধিকতম ম্যাদ অৰ্থাৎ দহ বছৰ সম্পূৰ্ণ কৰি নিজ পৰিয়ালক লগত লৈ মাদিয়ানৰ পৰা মিচৰলৈ ৰাওনা হ’ল, তেতিয়া তেওঁ তুৰ পৰ্বতৰ প্ৰান্তত জুই দেখা পালে। সেয়ে তেওঁ নিজ পৰিয়ালক ক’লেঃ তোমালোকে ইয়াতে অৱস্থান কৰা, নিশ্চয় মই জুই দেখা পাইছোঁ। গতিকে সম্ভৱতঃ মই তাৰ পৰা তোমালোকৰ বাবে কোনো খবৰ লৈ আহিব পাৰিম নাইবা একুৰা জুই আনিম, যিটোৰ জৰিয়তে তোমালোকে জুই জ্বলাই শীতৰ পৰা ৰক্ষা পাব পাৰিবা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক