ছূৰা 28 · জুজ 20

Al-Qasas · 28:27

قَالَ إِنِّي أُرِيدُ أَنْ أُنْكِحَكَ إِحْدَى ابْنَتَيَّ هَاتَيْنِ عَلَىٰ أَنْ تَأْجُرَنِي ثَمَانِيَ حِجَجٍ ۖ فَإِنْ أَتْمَمْتَ عَشْرًا فَمِنْ عِنْدِكَ ۖ وَمَا أُرِيدُ أَنْ أَشُقَّ عَلَيْكَ ۚ سَتَجِدُنِي إِنْ شَاءَ اللَّهُ مِنَ الصَّالِحِينَ

তেওঁ ক’লে, ‘মই মোৰ এই দুজনী ছোৱালীৰ এজনীক তোমাৰ লগত বিয়া দিব খোজো এই চৰ্তত যে, তুমি আঠ বছৰ মোৰ ইয়াত কাম কৰিবা, আৰু যদি তুমি দহ বছৰ পূৰ্ণ কৰা, সেইটো তোমাৰ ইচ্ছা। মই তোমাক কষ্ট দিব নিবিচাৰো। ইন শ্বা আল্লাহ নিশ্চয় তুমি মোক সৎকৰ্মপৰায়ণ সকলৰ অন্তৰ্ভুক্ত পাবা’।

তাফছীৰ

তেওঁলোকৰ পিতৃয়ে মুছা আলাইহিচ্ছালামক সম্বোধন কৰি ক’লেঃ মই মোৰ দুজনী ছোৱালীৰ এজনীক তোমাৰ লগত বিবাহ দিব বিচাৰিছোঁ। কিন্তু চৰ্ত হৈছে এই বিবাহৰ মোহৰ আদায়ৰ বাবে তুমি আঠ বছৰলৈকে আমাৰ ছাগলীবোৰ চৰাব লাগিব। যদি দহ বছৰ সম্পূৰ্ণ কৰা তেন্তে এইটো তোমাৰ ফালৰ পৰা কৃপা বুলি গণ্য হ’ব, কিন্তু এইটো তোমাৰ বাবে অনিবাৰ্য নহয়। কাৰণ নিৰ্ধাৰিত থাকিব কেৱল আঠ বছৰ। ইয়াতকৈ অধিক হ’লে অতিৰিক্ত বুলি গণ্য হ’ব। মই তোমাৰ ওপৰত বোজা অৰ্পন কৰি তোমাক কষ্ট দিব বিচৰা নাই। ইন শ্বা আল্লাহ তুমি মোক সদাচাৰীসকলৰ অন্তৰ্ভুক্ত পাবা, যিসকলে প্ৰতিশ্ৰুতি পূৰণ কৰে আৰু কেতিয়াও প্ৰতিশ্ৰুতি ভঙ্গ নকৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক