ছূৰা 24 · জুজ 18

An-Nur · 24:52

وَمَنْ يُطِعِ اللَّهَ وَرَسُولَهُ وَيَخْشَ اللَّهَ وَيَتَّقْهِ فَأُولَٰئِكَ هُمُ الْفَائِزُونَ

আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰে, আৰু আল্লাহক ভয় কৰে লগতে তেওঁৰ তাক্বৱা অৱলম্বন কৰে, তেওঁলোকেই কৃতকাৰ্য।

তাফছীৰ

যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আদেশ পালন কৰিব তথা তেওঁলোকৰ মীমাংসা মানি ল'ব, লগতে গুনাহৰ পৰিণামক ভয় কৰিব, আৰু আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ শাস্তিক ভয় কৰিব, প্ৰকৃততে সেইসকল লোকেই হৈছে পৃথিৱী আৰু আখিৰাতত কল্যাণ লাভকাৰী সফল লোক।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক