ছূৰা 24 · জুজ 18
An-Nur · 24:53
۞ وَأَقْسَمُوا بِاللَّهِ جَهْدَ أَيْمَانِهِمْ لَئِنْ أَمَرْتَهُمْ لَيَخْرُجُنَّ ۖ قُلْ لَا تُقْسِمُوا ۖ طَاعَةٌ مَعْرُوفَةٌ ۚ إِنَّ اللَّهَ خَبِيرٌ بِمَا تَعْمَلُونَ
আৰু সিহঁতে দৃঢ়ভাৱে আল্লাহৰ শপত খাই কয় যে, তুমি যদি সিহঁতক আদেশ কৰা তেন্তে সিহঁত নিশ্চয় ওলাই আহিব। তুমি কোৱা, ‘শপত নাখাবা, আনুগত্যৰ বিষয়টো ভালকৈয়ে জনা আছে। তোমালোকে যি কৰা নিশ্চয় আল্লাহ সেই বিষয়ে সবিশেষ অৱহিত’।
তাফছীৰ
মুনাফিকসকলে দৃঢ়ভাৱে আল্লাহৰ শপত খায় যে, যদি আপুনি সিহঁতক জিহাদৰ বাবে ওলাবলৈ আহ্বান কৰে তেন্তে সিহঁত অৱশ্যে ওলাব। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, তোমালোকে শপত নাখাবা, কাৰণ তোমালোকৰ মিছা কথা সম্পৰ্কে ভালদৰেই জানো, আনহাতে তোমালোকৰ তথাকথিত আনুগত্যৰ অৱস্থাও ভালদৰেই জ্ঞাত। তোমালোকে যি যি কৰি আছা, সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়, যিমানেই সৰু নহওক কিয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক