ছূৰা 24 · জুজ 18
An-Nur · 24:51
إِنَّمَا كَانَ قَوْلَ الْمُؤْمِنِينَ إِذَا دُعُوا إِلَى اللَّهِ وَرَسُولِهِ لِيَحْكُمَ بَيْنَهُمْ أَنْ يَقُولُوا سَمِعْنَا وَأَطَعْنَا ۚ وَأُولَٰئِكَ هُمُ الْمُفْلِحُونَ
মুমিনসকলৰ উক্তি হৈছে এইটো— যেতিয়া তেওঁলোকৰ মাজত বিচাৰ-ফয়চালা কৰি দিয়াৰ বাবে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পিনে আহ্বান কৰা হয়, তেতিয়া তেওঁলোকে কয়, ‘আমি শুনিলো আৰু আনুগত্য কৰিলো’। তেওঁলোকেই সফলকাম।
তাফছীৰ
মুমিনসকলক যদি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ফালে মীমাংসাৰ বাবে আহ্বান কৰা হয়, তেতিয়া তেওঁলোকৰ মুখৰ পৰা এই কথা ওলোৱা উচিত যে, আমি তেওঁৰ কথা শুনিলোঁ আৰু তেওঁৰ আদেশ পালন কৰিলোঁ। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই প্ৰকৃততে পৃথিৱী আৰু আখিৰাতত সাফল্যমণ্ডিত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক