ছূৰা 24 · জুজ 18
An-Nur · 24:50
أَفِي قُلُوبِهِمْ مَرَضٌ أَمِ ارْتَابُوا أَمْ يَخَافُونَ أَنْ يَحِيفَ اللَّهُ عَلَيْهِمْ وَرَسُولُهُ ۚ بَلْ أُولَٰئِكَ هُمُ الظَّالِمُونَ
সিহঁতৰ অন্তৰত ব্যাধি আছে নেকি, নে সিহঁতে সন্দেহ পোষণ কৰে? নে সিহঁতে ভয় কৰে যে, আল্লাহ আৰু তেওঁৰ ৰাছুলে সিহঁতৰ প্ৰতি অন্যায় কৰিব, বৰং সিহঁতেই যালিম।
তাফছীৰ
সিহঁতৰ অন্তৰত ব্যাধি আছে নেকি, যিটো অৱসান হোৱাৰ নামেই নলয়। নে সিহঁতে আপোনাক ৰাছুল হোৱাত সন্দেহ পোষণ কৰে? অথবা সিহঁতে ভয় কৰে নেকি যে, আল্লাহ আৰু তেওঁৰ ৰাছুলে সিহঁতৰ বিৰুদ্ধে ফয়চালা দিব বা সিহঁতৰ লগত অন্যায় কৰিব? এইবোৰৰ এটাও সত্য নহয়। বৰং আল্লাহৰ আদেশ নমনাৰ কাৰণে বা অৱহেলা কৰাৰ কাৰণে সিহঁতৰ অন্তৰত ব্যাধিৰ সৃষ্টি হৈছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক