ছূৰা 24 · জুজ 18
An-Nur · 24:30
قُلْ لِلْمُؤْمِنِينَ يَغُضُّوا مِنْ أَبْصَارِهِمْ وَيَحْفَظُوا فُرُوجَهُمْ ۚ ذَٰلِكَ أَزْكَىٰ لَهُمْ ۗ إِنَّ اللَّهَ خَبِيرٌ بِمَا يَصْنَعُونَ
মুমিনসকলক কোৱা, তেওঁলোকে যেন নিজৰ দৃষ্টি সংযত কৰে, আৰু নিজৰ লজ্জাস্থানৰ হিফাজত কৰে; এইটোৱে তেওঁলোকৰ বাবে অধিক পৱিত্ৰ। তেওঁলোকে যি কৰে নিশ্চয় সেই বিষয়ে আল্লাহ সম্যক অৱহিত।
তাফছীৰ
হে ৰাছুল! আপুনি মুমিনসকলক জনাই দিয়ক, তেওঁলোকে যেন পৰ নাৰীক দেখাৰ পৰা আৰু পৰ্দাকৃত বস্তু চোৱাৰ পৰা নিজৰ দৃষ্টিক সংযত ৰাখে, লগতে তেওঁলোকে যেন হাৰাম কৰ্মৰ পৰা বিৰত থাকি নিজৰ লজ্জাস্থানক হিফাজত কৰে, তথা মানুহৰ আগত যাতে নিজৰ লজ্জাস্থান উন্মুক্ত নকৰে। লজ্জাস্থানৰ হিফাজত কৰা আৰু আল্লাহে হাৰাম কৰা বস্তু নেদেখাটোৱে হৈছে আল্লাহৰ ওচৰত তেওঁলোকৰ বাবে অধিক পৱিত্ৰ। নিশ্চয় আল্লাহ তেওঁলোকৰ সকলো কৰ্ম সম্পৰ্কে সম্যক অৱগত। তেওঁৰ পৰা একোৱেই গোপন নহয়, তেৱেঁই তেওঁলোকক ইয়াৰ প্ৰতিদান দিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক