ছূৰা 24 · জুজ 18

An-Nur · 24:31

وَقُلْ لِلْمُؤْمِنَاتِ يَغْضُضْنَ مِنْ أَبْصَارِهِنَّ وَيَحْفَظْنَ فُرُوجَهُنَّ وَلَا يُبْدِينَ زِينَتَهُنَّ إِلَّا مَا ظَهَرَ مِنْهَا ۖ وَلْيَضْرِبْنَ بِخُمُرِهِنَّ عَلَىٰ جُيُوبِهِنَّ ۖ وَلَا يُبْدِينَ زِينَتَهُنَّ إِلَّا لِبُعُولَتِهِنَّ أَوْ آبَائِهِنَّ أَوْ آبَاءِ بُعُولَتِهِنَّ أَوْ أَبْنَائِهِنَّ أَوْ أَبْنَاءِ بُعُولَتِهِنَّ أَوْ إِخْوَانِهِنَّ أَوْ بَنِي إِخْوَانِهِنَّ أَوْ بَنِي أَخَوَاتِهِنَّ أَوْ نِسَائِهِنَّ أَوْ مَا مَلَكَتْ أَيْمَانُهُنَّ أَوِ التَّابِعِينَ غَيْرِ أُولِي الْإِرْبَةِ مِنَ الرِّجَالِ أَوِ الطِّفْلِ الَّذِينَ لَمْ يَظْهَرُوا عَلَىٰ عَوْرَاتِ النِّسَاءِ ۖ وَلَا يَضْرِبْنَ بِأَرْجُلِهِنَّ لِيُعْلَمَ مَا يُخْفِينَ مِنْ زِينَتِهِنَّ ۚ وَتُوبُوا إِلَى اللَّهِ جَمِيعًا أَيُّهَ الْمُؤْمِنُونَ لَعَلَّكُمْ تُفْلِحُونَ

আৰু মুমিনা নাৰীসকলক কোৱা, তেওঁলোকেও যেন নিজৰ দৃষ্টিক সংযত কৰে, আৰু নিজৰ লজ্জাস্থানৰ হিফাজত কৰে; আৰু তেওঁলোকে যেন নিজৰ সৌন্দৰ্য প্ৰদৰ্শন নকৰে কিন্তু যিটো সাধাৰণতে প্ৰকাশ পায় (সেয়া সুকীয় কথা)। তেওঁলোকে যেন মূৰৰ ওৰণিৰে ডিঙি আৰু বক্ষস্থল ঢাকি ৰাখে। তেওঁলোকে যেন নিজৰ স্বামী, পিতৃ, স্বামীৰ পিতৃ, নিজৰ পুত্ৰ, স্বামীৰ পুত্ৰ, ভাতৃৰ পুত্ৰ, বাই-ভনিৰ পুত্ৰ, লগৰীয়া তিৰোতা, নিজৰ মালিকানাধীন দাসী, যৌন কামনা বোধ নকৰা অধীনস্থ পুৰুষ আৰু নাৰীসকলৰ গোপন অঙ্গ সম্পৰ্কে অজ্ঞ শিশুৰ বাহিৰে কাৰো ওচৰত তেওঁলোকৰ সৌন্দৰ্য প্ৰকাশ নকৰে, লগতে তেওঁলোকে যেন নিজৰ গোপন সৌন্দৰ্য প্ৰকাশ কৰাৰ উদ্দেশ্যে সজোৰে খোজ নাকাঢ়ে। হে মুমিনসকল! তোমালোক আটায়ে আল্লাহৰ ফালে উভতি আহা, যাতে তোমালোকে সফলকাম হ’ব পাৰা।

তাফছীৰ

মুমিনা নাৰীসকলক কৈ দিয়ক, তেওঁলোকে যেন সেইবোৰ বস্তুৰ পৰা নিজৰ দৃষ্টি সংযত ৰাখে, যিবোৰৰ প্ৰতি দৃষ্টিপাত কৰা হাৰাম। লগতে তেওঁলোকে নিজৰ লজ্জাস্থান হিফাজত কৰা উচিত আৰু ব্যভিচাৰৰ পৰা দূৰত্ব অৱলম্বন কৰি নিজৰ লজ্জাস্থান পৰ্দাত ৰখা উচিত। তথা নিজৰ সৌন্দৰ্য বেলেগৰ সন্মুখত প্ৰকাশ কৰা অনুচিত, কিন্তু যিবোৰ সাধাৰণতে প্ৰকাশ পায়, নাইবা যিবোৰক গোপন ৰখা অসম্ভৱ যেনে পোছাক-পৰিচ্ছদ আদি (সেইবোৰৰ বিষয়টো সুকীয়া)। তেওঁলোকে মূৰত ওৰণি ব্যৱহাৰ কৰা উচিত, যাতে মূৰৰ চুলি, মুখমণ্ডল আৰু ঘাৰ আৰু বক্ষস্থল ঢাকি থাকে। নিজৰ গোপন সৌন্দৰ্য আনৰ ওচৰত প্ৰকাশ কৰা উচিত নহয়, স্বামী, পিতা, শশুৰ, নিজৰ পুত্ৰ, স্বামীৰ পুত্ৰ, ভাতৃ, ভাতৃৰ পুত্ৰ, বাই-ভনীৰ পুত্ৰ, লগতে লগৰীয়া বিশ্বাসী তিৰোতাসকলৰ বাহিৰে, মুছলিমেই হওক অথবা কাফিৰ। তথা সেইবোৰ দাস-দাসীৰ বাহিৰে যিবোৰৰ স্বয়ং তেওঁলোক মালিক। নাইবা যৌন কামনাবোধ নকৰা অধীনস্থ পুৰুষসকলৰ বাহিৰে, লগতে নাৰীসকলৰ গোপন অংগ সম্পৰ্কে অজ্ঞ শিশুসকলৰ বাহিৰে। তথা তেওঁলোকে যেন নিজৰ গোপন সৌন্দৰ্য প্ৰকাশ কৰাৰ উদ্দেশ্যে মাটিত সজোৰে খোজ নাকাঢ়ে। হে মুমিনসকল! তোমালোক আটায়ে দৃষ্টি আদিৰ গুনাহৰ পৰা আল্লাহৰ ওচৰত তাওবা কৰা। যাতে তোমালোকে উদ্দেশ্যত সফল হ’ব পাৰা, আৰু ভয়-ভীতিৰ পৰা ৰক্ষা পোৱা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক