ছূৰা 24 · জুজ 18

An-Nur · 24:29

لَيْسَ عَلَيْكُمْ جُنَاحٌ أَنْ تَدْخُلُوا بُيُوتًا غَيْرَ مَسْكُونَةٍ فِيهَا مَتَاعٌ لَكُمْ ۚ وَاللَّهُ يَعْلَمُ مَا تُبْدُونَ وَمَا تَكْتُمُونَ

যি ঘৰত কোনেও বাস নকৰে তেনে ঘৰত তোমালোকৰ কোনো ভোগ-সামগ্ৰী থাকিলে অথবা উপকৃত হোৱাৰ অধিকাৰ থাকিলে তাত তোমালোকে প্ৰৱেশ কৰাত কোনো পাপ নহ’ব। তোমালোকে যি প্ৰকাশ কৰা আৰু যি গোপন কৰা সেয়া আল্লাহে জানে।

তাফছীৰ

সাৰ্বজনিক ঘৰত বিনা অনুমতিত প্ৰৱেশ কৰাত তোমালোকৰ কোনো গুনাহ নহয়, এনেকুৱা ঘৰ যিটো কাৰো বাবে বিশেষ নহয়। যেনেঃ পুথিভঁৰাল, ব্যৱসায়িক প্ৰতিষ্ঠান আদি। তোমালোকে যিবোৰ কৰ্ম আৰু পৰিস্থিতি গোপন কৰা তথা প্ৰকাশ কৰা, সেইবোৰৰ বিষয়ে আল্লাহে ভালদৰেই অৱগত। একোৱেই তেওঁৰ পৰা গোপন নহয়, তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক