ছূৰা 24 · জুজ 18
An-Nur · 24:28
فَإِنْ لَمْ تَجِدُوا فِيهَا أَحَدًا فَلَا تَدْخُلُوهَا حَتَّىٰ يُؤْذَنَ لَكُمْ ۖ وَإِنْ قِيلَ لَكُمُ ارْجِعُوا فَارْجِعُوا ۖ هُوَ أَزْكَىٰ لَكُمْ ۚ وَاللَّهُ بِمَا تَعْمَلُونَ عَلِيمٌ
এতেকে যদি তোমালোকে তাত কাকো নোপোৱা তেন্তে অনুমতি নোপোৱা লৈকে তাত প্ৰৱেশ নকৰিবা। যদি তোমালোকক কোৱা হয়, ‘উভতি যোৱা’, তেন্তে তোমালোকে উভতি যাবা, এইটোৱে তোমালোকৰ বাবে অধিক পৱিত্ৰ। তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।
তাফছীৰ
যদি ঘৰত কোনো ব্যক্তি নাথাকে তেন্তে ঘৰৰ মালিকে অনুমতি নিদিয়ালৈকে সেই ঘৰত প্ৰৱেশ নকৰিবা। আৰু যদি ঘৰৰ মালিকে উভতি যাবলৈ কয় তেন্তে উভতি যাবা প্ৰৱেশ নকৰিবা। আল্লাহৰ ওচৰত এইটোৱে তোমালোকৰ বাবে অধিক পৱিত্ৰ। নিশ্চয় আল্লাহ তোমালোকৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ, তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক