ছূৰা 24 · জুজ 18

An-Nur · 24:27

يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تَدْخُلُوا بُيُوتًا غَيْرَ بُيُوتِكُمْ حَتَّىٰ تَسْتَأْنِسُوا وَتُسَلِّمُوا عَلَىٰ أَهْلِهَا ۚ ذَٰلِكُمْ خَيْرٌ لَكُمْ لَعَلَّكُمْ تَذَكَّرُونَ

হে মুমিনসকল! তোমালোকে নিজৰ ঘৰৰ বাহিৰে আন কাৰোবাৰ ঘৰত, সেই ঘৰৰ অধিবাসীসকলৰ সম্প্ৰীতি সম্পন্ন অনুমতি নোলোৱাকৈ আৰু তেওঁলোকক ছালাম নিদিয়াকৈ প্ৰৱেশ নকৰিবা। এইটোৱে তোমালোকৰ বাবে উত্তম, যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।

তাফছীৰ

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰী লোকসকল! তোমালোকে নিজৰ ঘৰৰ বাহিৰে আনৰ ঘৰত তেওঁলোকৰ অনুমতি নোলোৱালৈকে আৰু তেওঁলোকক ছালাম নকৰালৈকে তেওঁলোকৰ ঘৰত প্ৰৱেশ নকৰিবা। ছালাম আৰু অনুমতি লোৱাৰ সময়ত এনেকৈ ক'বাঃ "আচ্ছালামু আলাইকুম, মই ঘৰত প্ৰৱেশ কৰিব পাৰিমনে"?, হঠাৎ প্ৰৱেশ কৰাতকৈ অনুমতিলৈ প্ৰৱেশ কৰাটো তোমালোকৰ বাবে উত্তম, যিটো তোমালোকক আদেশ দিয়া হৈছে। আশা কৰিব পাৰি তোমালোকে এই নিৰ্দেশ মনত ৰাখিবা আৰু সেইমতে আমল কৰিবা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক