ছূৰা 24 · জুজ 18

An-Nur · 24:2

الزَّانِيَةُ وَالزَّانِي فَاجْلِدُوا كُلَّ وَاحِدٍ مِنْهُمَا مِائَةَ جَلْدَةٍ ۖ وَلَا تَأْخُذْكُمْ بِهِمَا رَأْفَةٌ فِي دِينِ اللَّهِ إِنْ كُنْتُمْ تُؤْمِنُونَ بِاللَّهِ وَالْيَوْمِ الْآخِرِ ۖ وَلْيَشْهَدْ عَذَابَهُمَا طَائِفَةٌ مِنَ الْمُؤْمِنِينَ

ব্যভিচাৰিণী আৰু ব্যভিচাৰী--- সিহঁত প্ৰত্যেককে এশটাকৈ বেত্ৰাঘাত কৰা। আল্লাহৰ বিধান কাৰ্যকৰী কৰণত সিহঁতৰ প্ৰতি দয়াই যেন তোমালোকক প্ৰভাৱিত নকৰে, যদি তোমালোকে আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন কৰা; তেন্তে মুমিনসকলৰ এটা দল যাতে সিহঁতৰ শাস্তি (ৰ সময়ত উপস্থিত হৈ) প্ৰত্যক্ষ কৰে।

তাফছীৰ

অবিবাহিত ব্যাভিচাৰী আৰু ব্যাভিচাৰিণী উভয়কে এশ এশ বেত্ৰাঘাত কৰা। সঁচাকৈ যদি তোমালোকে আল্লাহৰ প্ৰতি আৰু অন্তিম দিৱসৰ প্ৰতি ঈমান পোষণ কৰিছা তেন্তে সিহঁতৰ প্ৰতি অকণো সহানুভূতি নেদেখুৱাবা আৰু দয়া নকৰিবা, কাৰণ এনে কৰিলে হয়তো তোমালোকে সিহঁতক শাস্তি দিয়াৰ পৰা বিৰত থাকিবা অথবা শাস্তি লাঘৱ কৰিবা। শাস্তি বিহাৰ সময়ত মুমিনসকলৰ এটা দল তাত উপস্থিত থকা উচিত, যাতে শাস্তিৰ খবৰ বেছিকৈ প্ৰচাৰ হয় আৰু তেওঁলোক আৰু অন্যান্য লোকসকলেও যাতে এনেকুৱা অশ্লীলতাৰ পৰা দূৰৈত থাকে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক