ছূৰা 24 · জুজ 18
An-Nur · 24:3
الزَّانِي لَا يَنْكِحُ إِلَّا زَانِيَةً أَوْ مُشْرِكَةً وَالزَّانِيَةُ لَا يَنْكِحُهَا إِلَّا زَانٍ أَوْ مُشْرِكٌ ۚ وَحُرِّمَ ذَٰلِكَ عَلَى الْمُؤْمِنِينَ
ব্যভিচাৰীয়ে কেৱল ব্যভিচাৰিণী অথবা মুশ্বৰিক নাৰীকহে বিবাহ কৰে; আৰু ব্যভিচাৰিণীক, তাইক কেৱল ব্যভিচাৰী অথবা মুশ্বৰিকেহে বিবাহ কৰে, আৰু মুমিনসকলৰ ওপৰত এইটো হাৰাম কৰা হৈছে।
তাফছীৰ
ব্যাভিচাৰৰ জঘণ্যতা স্পষ্ট কৰিবলৈ আল্লাহে উল্লেখ কৰিছে যে, যি ব্যক্তিয়ে ব্যাভিচাৰক অভ্যাসত পৰিণত কৰিছে, সি নিজৰ দৰেই কোনো ব্যাভিচাৰিণী নাৰীক অথবা কোনো মুশ্বৰিকা নাৰীক বিবাহ কৰিব, যিয়ে ব্যাভিচাৰৰ পৰা নিজকে বচাই নাৰাখে। যদিও মুশ্বৰিকা নাৰীক বিবাহ কৰা বৈধ নহয়। আনহাতে যি নাৰীয়ে ব্যাভিচাৰক নিজৰ অভ্যাসত পৰিণত কৰিছে, তাই নিজৰ দৰেই ব্যাভিচাৰী পুৰুষক নাইবা মুশ্বৰিক পুৰুষক বিবাহ কৰিব, যিয়ে ব্যাভিচাৰৰ পৰা নিজকে বচাই নাৰাখে। যদিও মুশ্বৰিক পুৰুষক বিবাহ কৰা হাৰাম। লগতে ব্যাভিচাৰিণী নাৰীক বিবাহ কৰা আৰু ব্যাভিচাৰী পুৰুষক বিবাহ কৰোৱা দুয়োটাই মুমিনসকলৰ বাবে হাৰাম।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক