ছূৰা 24 · জুজ 18
An-Nur · 24:16
وَلَوْلَا إِذْ سَمِعْتُمُوهُ قُلْتُمْ مَا يَكُونُ لَنَا أَنْ نَتَكَلَّمَ بِهَٰذَا سُبْحَانَكَ هَٰذَا بُهْتَانٌ عَظِيمٌ
আৰু তোমালোকে যেতিয়া এইটো শুনিছিলা তেতিয়া তোমালোকে কিয় এই বুলি নকলা যে, ‘এই বিষয়ে কথা কোৱা আমাৰ পক্ষে সম্ভৱ নহয়; আল্লাহ পৱিত্ৰ মহান। অৱশ্যে এয়া জঘন্য অপবাদ!’
তাফছীৰ
যেতিয়া তোমালোকে এই অপবাদটোৰ বিষয়ে শুনিছিলা, তেতিয়া তোমালোকে এই কথাষাৰ কিয় নক’লা যে, এনেকুৱা নিকৃষ্ট কথা আমাৰ মুখেৰে উচ্চাৰণ কৰাটো কেতিয়াও ঠিক নহয়। হে আমাৰ প্ৰতিপালক! আমি তোমাৰ পৱিত্ৰতা ঘোষণা কৰোঁ। মুমিনসকলৰ মাতৃৰ প্ৰতি আৰোপ কৰা বিষয়টো এটা মহা মিছা অপবাদ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক