ছূৰা 24 · জুজ 18
An-Nur · 24:15
إِذْ تَلَقَّوْنَهُ بِأَلْسِنَتِكُمْ وَتَقُولُونَ بِأَفْوَاهِكُمْ مَا لَيْسَ لَكُمْ بِهِ عِلْمٌ وَتَحْسَبُونَهُ هَيِّنًا وَهُوَ عِنْدَ اللَّهِ عَظِيمٌ
যেতিয়া তোমালোকে মুখে মুখে এই কথা প্ৰচাৰ কৰি ফুৰিছিলা আৰু এনে বিষয় মুখেৰে উচ্চাৰণ কৰি আছিলা যাৰ কোনো জ্ঞান তোমালোকৰ ওচৰত নাছিল; আৰু তোমালোকে এইটো অতি তুচ্ছ বুলি ভাবিছিলা, অথচ আল্লাহৰ ওচৰত এইটো আছিল অতি গুৰুত্বপূৰ্ণ বিষয়।
তাফছীৰ
যেতিয়া তোমালোকে এই অপবাদটোক ইজনে সিজনৰ ওচৰত বৰ্ণনা কৰিছিলা, সঠিক তথ্য নোহোৱাকৈ নিজ মুখেৰে আনলৈ প্ৰচাৰ কৰিছিলা, তোমালোকে বিষয়টোক খুবেই সহজ বুলি ভাৱিছিলা, কিন্তু আল্লাহৰ ওচৰত বিষয়টো আছিল বৰ ডাঙৰ। কাৰণ ঘটনাটো পৰিপূৰ্ণৰূপে মিছা তথা নিৰ্দোষী ব্যক্তিক অপৰাধী সজোৱাৰ কুঃচক্ৰান্ত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক