ছূৰা 24 · জুজ 18
An-Nur · 24:14
وَلَوْلَا فَضْلُ اللَّهِ عَلَيْكُمْ وَرَحْمَتُهُ فِي الدُّنْيَا وَالْآخِرَةِ لَمَسَّكُمْ فِي مَا أَفَضْتُمْ فِيهِ عَذَابٌ عَظِيمٌ
পৃথিৱী আৰু আখিৰাতত তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ আৰু দয়া নাথাকিলে, তোমালোকে যি বিষয়ত জড়িত হৈছিলা তাৰ বাবে মহা শাস্তিয়ে তোমালোকক স্পৰ্শ কৰিলেহেঁতেন,
তাফছীৰ
হে মুমিনসকল! তোমালোকৰ প্ৰতি আল্লাহৰ যদি অনুগ্ৰহ আৰু কৃপা নাথাকিলহেঁতেন, তেন্তে এই মিছা ষড়যন্ত্ৰ আৰু আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ প্ৰতি কৰা মিছা আৰোপৰ ফলত তোমালোক মহাশাস্তিত পতিত হ’লাহেঁতেন। (তোমালোকৰ প্ৰতি তেওঁৰ দয়া আৰু অনুগ্ৰহ আছে কাৰণেই) তেওঁ তোমালোকক শাস্তি প্ৰদানত খৰধৰ কৰা নাই, আৰু তোমালোকৰ মাজৰ তাওবাকাৰীসকলৰ তাওবা কবূল কৰিছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক